Thursday, March 28, 2024
HomeUncategorizedছয়গাঁৱৰ কৰ্দ্দৈগুৰীত বিষ্ঞু–জ্যোতি পুথিভড়ালৰ ৰঙালী বিহু উদযাপন

ছয়গাঁৱৰ কৰ্দ্দৈগুৰীত বিষ্ঞু–জ্যোতি পুথিভড়ালৰ ৰঙালী বিহু উদযাপন

প্ৰকাশিত তাৰিখঃ ১৬ এপ্ৰিল, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

কামৰূপ জিলাৰ ছয়গাঁৱৰ নিকটৱৰ্তী কৰ্দ্দৈগুৰী বিষ্ঞু–জ্যোতি পুথিভঁৰাল আৰু কৰ্দ্দৈগুৰী বননীগাঁও ৰাইজ গয়ৰহে যুটীয়াভাৱে ৰঙালী বিহু উদযাপন কৰি আহিছে। ৩০ চ’ত বৄহস্পতিবাৰ পৰা ১ ব’হাগ শুক্ৰবাৰ অৰ্থাৎ গৰু বিহুৰ দিনটোৰ পৰা কৰ্দ্দৈগুৰীত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উৎসৱ উদযাপন কৰা হয়। কৰ্দ্দৈগুৰীৰ বিহু উৎসৱে এইবাৰ ২২ বছৰত ভৰি দিছে। বিগত দুটা বছৰ ক’ভিড পৰিস্থিতিৰ বাবে বিহু উদযাপন কৰিব পৰা নাছিল। এইবাৰ ক’ভিডৰ ঢৌ পাতল হোৱাত গাঁওখনৰ সকলোৰে মন উৎসাহ–উদ্দীপনাৰে ভৰি পৰিছে। বিহুখন ৰাইজৰ নিজাববীয়া অৰ্থসাহাৰ্যত উদ্‌যাপন কৰা বুলি সংবাদ মাধ্যম জানিবলৈ দিয়ে। এই বিহুখন উদযাপনৰ এটাই উদ্দেশ্য– গাঁওখনৰ ল’ৰা–ছোৱালীৰ মাজত লুকাই থকা প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চৰ ব্যৱস্থা কৰি দিয়া। কিয়নো কেৰেলাত অনুষ্ঠিত ‘ড্ৰেগন প্ৰতিযোগিতা’ত অংশ গ্ৰহণ কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনাসকলৰ ভিতৰত তিনিজন প্ৰতিযোগী এই গাঁওখনৰে আছিল। সেয়ে উদ্যোক্তা ৰাইজে বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বিভিন্ন খেল–ধেমালিৰ প্ৰতিযোগিতাখনত নাওঁখেলকো সংযোজিত কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward