Friday, April 19, 2024
Homeবাতৰিবিদেশলৈ ৰপ্তানি অসমত উৎপাদিত কল

বিদেশলৈ ৰপ্তানি অসমত উৎপাদিত কল

প্ৰকাশিত তাৰিখঃ ৭ মে’ ২০১৮

চি এন ডেক্স

অসমত উৎপাদিত কল ডুবাইৰ বজাৰত উপচি পৰিব। পোন প্ৰথমবাৰৰ বাবে অসমত উৎপাদিত কল বিদেশলৈ ৰপ্তানিৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপ গ্ৰহণ কৰিছে এগ্ৰিকালচাৰেল এণ্ড প্ৰচেছড ফুড প্ৰডাক্ট এক্সপৰ্ট ডেভেলপমেণ্ট অথ’ৰিটি চমুকৈ এপেডা নামৰ চৰকাৰী সংস্থাটোৱে।

অলপতে ডুবাইলৈ ১ মেট্ৰিক টন মালভোগ কল ৰপ্তানি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ অধীনৰ ৰপ্তানিকাৰী সংস্থা এপেডাই। এই সংবাদ এপেডাৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে, ‘ক্ৰেমেৰি ক্ৰাফট’ আৰু ‘স্পাইচজেট মাৰ্কাণ্ডাইজ প্ৰাইভেট লিমিটেড’ নামৰ কলকাতাৰ ব্যৱসায়ী প্ৰতিষ্ঠান দুটাৰ যুটীয়া সহযোগত কলৰ ৰপ্তানি প্ৰক্ৰিয়া সম্পন্ন হৈছে। তদুপৰি স্পাইচজেট মাৰ্কাণ্ডাইজ প্ৰাইভেট লিমিটেড হ’ল স্পাইচজেট বিমান পৰিবহন সংস্থাটোৰ এটি অংশীদাৰী প্ৰতিষ্ঠান। সেয়ে উক্ত পৰিবহন সংস্থাটোৰ বিমানতেই কলকাতাৰ পৰা ৰপ্তানিৰ কাম–কাজ সমূহ আৰম্ভ কৰিছে।

গোৱালপাৰা জিলাৰ দৰংগিৰি উত্তৰ–পূৰ্বাঞ্চলৰ এখন বিখ্যাত কলৰ বজাৰ। ডুবাইলৈ ৰপ্তানি কৰা কল সমূহ এই দৰংগিৰি বজাৰৰ পৰাই সংগ্ৰহ কৰা হৈছে।

ভাৰতৰ পৰা বিদেশলৈ যিমান পৰিমাণৰ কল ৰপ্তানি কৰা হয় তাৰ ভিতৰত ৩০শতাংশই ছৌডি আৰবে অকলে ক্ৰয় কৰে। যোৱা ২০১৬–২০১৭ বিত্তীয় বৰ্ষত প্ৰায় ১১৮ কোটি টকাৰ ২৪,২৭৭ মেট্ৰিকটন কল এই বজাৰৰ পৰা ৰপ্তানি হৈছে।

অসম কল উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা এখন ৰাজ্য। ৰাজ্যখনৰ ১১খন জিলাত প্ৰায় ৪১,৮৮০ হেক্টৰ ভূমিত কৰা কলখেতিৰ পৰা ৫,৮১,৮৮৪ মেট্ৰিক টন কল উৎপাদন কৰি অসমে আগস্থান অধিকাৰ কৰা বুলি এক সূত্ৰত প্ৰকাশ।   

অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত উৎপাদন হোৱা কৃষি আৰু উদ্যান শস্য সামগ্ৰীসমূহ যাতে উপযুক্ত বজাৰ লাভ কৰে তাৰবাবে এইপদক্ষেপ লোৱা বুলি এপেডাৰ এক শীৰ্ষসূত্ৰত প্ৰকাশ।

ৰাজ্যখনত মালভোগ, চেনিচম্পা, জাহাজী, পুৰাকল, অমৃতসাগৰ আদি বিভিন্ন প্ৰকাৰৰ প্ৰায় ১৫ বিধ কল উৎপাদন হয় বুলি অসম উদ্যান শস্য বিভাগে প্ৰকাশ কৰে। ইয়াৰ আগলৈকে কেৱল দৰংগিৰি বজাৰৰ পৰাহে বাণিজ্যিকভাৱে কল বিক্ৰী কৰি আহিছিল। অসমৰ কল বিদেশৰ বজাৰ দখল কৰাত কল খেতিয়কসকলৰ উৎসাহিত হৈ পৰাৰ লগতে তেওঁলোকৰ মাজত এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। বিদেশলৈ কল ৰপ্তানিৰ ধাৰাবাহিকতা অব্যাহত থাকিলে ভৱিষ্যতে অসমৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ কল খেতিয়কসকল অধিক লাভবান হ’ব।     

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward