Wednesday, April 24, 2024
Homeবাতৰিবিলুপ্তপ্ৰায় নল গাহৰি গৱেষণা আৰু প্ৰজনন

বিলুপ্তপ্ৰায় নল গাহৰি গৱেষণা আৰু প্ৰজনন

প্ৰকাশিত তাৰিখঃ ১ অক্টোবৰ, ২০১৮

চি এন ডেক্স

বিশ্বৰ আটাইতকৈ সৰু প্ৰজাতিৰ গাহৰি বিধেই হ’ল নল গাহৰি, ইয়াৰ বৈজ্ঞানিক নাম Porcula Salvania আৰু ইংৰাজী নাম পিগমি হগ্‌ Pygmy Hog। অসমীয়াত নল গাহৰি বা টাকুৰি বৰা বুলি কয়। নল গাহৰি এবিধ আপুৰুগীয়া প্ৰাণী। ঘন ঘাঁহনিত বাসকৰি ভাল পোৱা প্ৰাণীবিধ বাসস্থানৰ অভাৱত সম্প্ৰতি বিলুপ্তি হ’বলৈ ধৰিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বৰনদী অভয়াৰণ্যত এইবিধ গাহৰিৰ বাসস্থান আছিল। কিন্তু মানাহৰ বাহিৰে বৰনদীত বৰ্তমান এইবিধ গাহৰিৰ বিলুপ্তি ঘটিছে। ঘাঁহনিত বাস কৰি ভালপোৱা গাহৰি বিধৰ বাসস্থান ধ্বংসৰ গুৰিতে বিভিন্ন কাৰণ আছে।

এসময়ত অসম আৰু উত্তৰ বংগ, উত্তৰ প্ৰদেশ, নেপাল আদিত এইবিধ গাহৰি পোৱা গৈছিল। উত্তৰ বংগ, উত্তৰ প্ৰদেশ, নেপালত গাহৰি বিধ সম্পূৰ্ণৰূপে বিলুপ্ত হোৱাৰ কাৰণে ই পৃথিৱীৰ পৰাই বিলুপ্তি ঘটা বুলি ধাৰণা কৰিছিল। কিন্তু গাহৰি বিধৰ বংশ অসমত জীয়াই থাকিল। অতি–সংকটাপন্ন (Critically Endangered) শ্ৰেণীৰ তালিকা ভূক্ত গাহৰি বিধ অসমৰ বাদে পৃথিৱীৰ কোনো ঠাইতেই পোৱা নাযায়। সমগ্ৰ পৃথিৱীৰ ভিতৰত প্ৰায় ৫০০ মান নল গাহৰি আছে তাৰেই গোটেই সংখ্যক অসমতে আছে।      

সম্প্ৰতি গুৱাহাটীৰ বশিষ্ঠত থকা নল গাহৰি গৱেষণা আৰু প্ৰজনন কেন্দ্ৰ (Pygmy Hog Research and Breeding Centre)ই গাহৰি বিধৰ বংশবৃদ্ধিৰ বাবে অহৰহ কাম কৰি আছে। উক্ত কেন্দ্ৰই নল গাহৰি সংৰক্ষণ কাৰ্যক্ৰমৰ অধীনত (Pygmy Hog Conservation programme) ১৯৯৬ চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৬টা নল গাহৰি আনি সফলভাৱে প্ৰজনন কৰোৱায়। সাফল্যতাৰে উক্ত কেন্দ্ৰত প্ৰজনন কৰোৱা গাহৰি পোৱালি সমূহ সোণাই–ৰূপাই অভয়াৰণ্য আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া বুলি এক সূত্ৰত প্ৰকাশ।

অলপতে নল গাহৰি গৱেষণা আৰু প্ৰজনন কেন্দ্ৰৰ মুখ্য পশু চিকিৎসক ড পৰাগ ডেকাই অসম ৰাজ্যিক চিৰিয়াখানালৈ দুটি নল গাহৰি প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ আগলৈকে চিৰিয়াখানাখনত চাৰিটা নল গাহৰি আছিল। ড পৰাগ ডেকা আৰু গৌতম নাৰায়ণৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাত পৃথিৱীৰ বুকুৰ পৰা বিলুপ্ত হ’ব ধৰা সম্পদ বিধৰ প্ৰজনন আৰু সংৰক্ষণৰ দৰে জটিল কাম এটা সম্ভৱপৰ হৈ উঠিছে।   

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward