Friday, April 26, 2024
Homeবাতৰিৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱ– ২০১৮ আয়োজন

ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱ– ২০১৮ আয়োজন

প্ৰকাশিত তাৰিখঃ ১৮ জুন’ ২০১৮

চি এন ডেক্স

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে সাংস্কৃতিক সঞ্চালকায়ৰ সহযোগত আয়োজন কৰিছে ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱ। অহা ২৮ আৰু ২৯ জুলাইত দুদিনীয়াকৈ পাঞ্জাবাৰীৰ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজন হ’বলগীয়া এই মহোৎসৱত মুঠ ৩৪টা শিতানত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি উদ্‌যাপন কমিটীৰ এক সূত্ৰত প্ৰকাশ। লগতে এই মহোৎসৱত শিশুসকলৰ বাবেও কথাছবি প্ৰদৰ্শনৰ আয়োজন কৰিছে।

ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱ সম্পূৰ্ণ দুটা বছৰ বিৰতিৰ অন্তত পুনৰ আয়োজন কৰিছে। এই সন্দৰ্ভত গুৱাহাটী আৱৰ্ত ভৱনত নিগমৰ অধ্যক্ষ যতীন বৰাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হৈ যায়। সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক বৰ্ণালী শৰ্মা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, কথাছবি প্ৰযোজক–পৰিচালক, সংগীত পৰিচালক, অভিনেতা–অভিনেত্ৰীৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয়।

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ যুটীয়া সহযোগত ‘ৰাজ্যিক চলচ্চিত্ৰ বঁটা’ প্ৰদানৰ সিদ্ধান্ত লৈছে। মহোৎসৱত এইবাৰ ড ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় সংহতি বঁটা প্ৰৱৰ্তন কৰিছে যাৰ মূল্য এক লাখ টকা। তদুপৰি নতুনকৈ প্ৰৱৰ্তন কৰা বঁটা সমূহৰ ভিতৰত আছে– শ্ৰেষ্ঠ নতুন পৰিচালকৰ বাবে আব্দুল মজিদ বঁটা (পঞ্চাশ হেজাৰ), জনপ্ৰিয় কথাছবিৰ বাবে ‘বিজয় শংকৰ বঁটা’, কথাছবিত প্ৰথমবাৰ অভিনয় কৰা অভিনেতা–অভিনেত্ৰীলৈ ‘বিজু ফুকন বঁটা’ (পঞ্চাশ হেজাৰ), শ্ৰেষ্ঠ এনিমেশ্যন কথাছবিলৈ ‘ইন্দ্ৰ বণিয়া বঁটা’(এক লাখ) আৰু শ্ৰেষ্ঠ শিশু কথাছবিলৈ এক লাখ টকা আগবঢ়াব।

মহোৎসৱত এইবাৰৰ বঁটা প্ৰদান অনুষ্ঠানত ২০১৫–১৬ আৰু ২০১৬–১৭ বৰ্ষৰ বঁটাসমূহ পৃথকভাৱে দুটা দিনত প্ৰদান কৰিব। তদুপৰি এই মহোৎসৱতে ২০১৬–১৭ আৰু ২০১৭–১৮ বৰ্ষৰ ক্ৰমে ৬৪ আৰু ৬৫সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা কথাছবি সমূহকো আৰ্থিকভাৱে পুৰস্কৃত কৰিব বুলি জনাইছে।

মহোৎসৱত অসমীয়া কথাছবি জগতলৈ অৱদান আগবঢ়াই যোৱা বিশিষ্ট ব্যক্তি আৰু শিল্পীসকলক শ্ৰদ্ধা জ্ঞাপন কৰাৰ বাবে আয়োজন কৰা হ’ব এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward