Tuesday, May 7, 2024
HomeARTICLEঅসমৰ বেলিমাৰ

অসমৰ বেলিমাৰ

প্ৰকাশিত তাৰিখঃ ১৮ ডিচেম্বৰ, ২০২৩

কল্প ৰঞ্জন গগৈ –

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী। মান দেশৰ ইৰাৱতী নৈৰ পাৰত সন্ধি হৈছিল ইংৰাজ কোম্পানী আৰু মান ৰজাৰ মাজত। অসম দেশৰ দখলস্বত্ব চাহাবৰ হাতলৈ গুছি গ’ল ১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজ নিশালৈ। চোৰে চোৰে পিতল বিতালে, গিৰিহঁত ক’ৰবাতে পৰি ৰ’ল।

ইতিহাসৰ পম খেদাসকলে এই পৰিণামৰ প্ৰধান কাৰণ বিচাৰিবলৈ হ’লে নিজকে ফাঁহ ফাঁহ কৰিব লাগিব। নতুন ইতিহাস গঢ়িবলৈ পূৰ্বৰ ভাল আৰু বেয়া দুয়োটাকে অনুসন্ধান কৰিব লাগিব। বেয়াখিনিক আঁতৰাব লাগিব। ইতিহাস গঢ়ে মানুহে। মানুহৰ ভিতৰত কাম কৰা অশুভ প্ৰবৃত্তিবোৰ আঁতৰাবলৈ লাগিব সাংস্কৃতিক যুদ্ধ। এই যুদ্ধখন আৰম্ভ কৰিছিল চাওল্যুং চ্যুকাফাই গঢ়ি থৈ যোৱা ৰাজনৈতিক–অৰ্থনৈতিক ভেটিৰ ওপৰত শংকৰ–মাধৱে। সমাজখনক পৰিমাণগত স্তৰৰ পৰা বিকশাই এক গুণগত মান দিছিল। বুজাই দিছিল যে, মানুহ জীয়াই থাকে প্ৰেমেৰেহে। আদিম বৰ্বৰ চৰিত্ৰবোৰক আঁতৰাই নতুন মানুহ তৈয়াৰ কৰাৰ অনুশীলন আৰম্ভ কৰিছিল। হৃদয় দখলৰ যুদ্ধ এখন আৰম্ভ হৈছিল। হৃদয় জপনা খুলিবলৈ গীত–পদ–কাব্য, নৃত্য–নাটৰ অনুশীলন–চৰ্চা চলিছিল। এনেদৰে অসমীয়া সমাজ এখন ঠন্‌ ধৰি উঠিছিল।

ইতিহাসৰ বাট সৰলৰৈখিক নহয়। কেনা লাগিছিল। ফলস্বৰূপে ১৭৬৯ চনত প্ৰজাই থিয় দিছিল ৰজাৰ বিৰুদ্ধে। স্বৰ্গদেউ গৌৰীনাথ সিংহই ১৭৯২ চনত এই প্ৰজাক দমনৰ বাবে ইংৰাজক অসম এৰি দিছিল ১৯ মাহৰ বাবে ১৭৯৪ চনলৈ। আৰম্ভ হৈছিল প্ৰজা দমন।

তাৰ পিছত স্বৰ্গদেউ চন্দ্ৰকান্তৰ দিনত (১৮১০–১৮১৮/ ১৮১৯–১৮২১) নিজৰ ভিতৰত অসন্তোষ। বদন বৰফুকন বনাম বুঢ়াগোহাঁই পুৰ্ণানন্দ। বদন বৰফুকনে মান ৰজাক সৈমান কৰি আৰম্ভ কৰিলে মানৰ দিন, তিনিবাৰ আক্ৰমণ। তিনিওটা আক্ৰমণ স্বৰ্গদেউ চন্দ্ৰকান্তৰ দিনতে।

মানৰ লগত তৃতীয় আৰু অন্তিম ৰণ চন্দ্ৰকান্তৰ দিনতে। অসমৰ প্ৰজা হৈ পৰিল ভগনীয়া। অৱশেষত মগনীয়া।

১৮২২ চনৰ ২১ জুন। কবিৰ ভাষাত ‘সিদিনা পুৱা চকুপানী টুকি।। উদিলে পূবত ৰাঙলী বেলি।। ধৰে তৰোৱাল শিখ অসমীয়া।। মোগল পাঠান সকলো মিলি।। সহস্ৰ সহস্ৰ পিশাচ মান।। এমুঠি শিখ এমুঠি পাঠান।।’ হাদিৰাচকীৰ সেই যুঁজ অসমৰ বেলিমাৰৰ দ্বিতীয় ঘণ্টা। আজি দুশ বছৰ হৈ গ’ল। প্ৰথম ঘণ্টা বজালে স্বৰ্গদেউ গৌৰীনাথে। ইংৰাজে জৰীপ আৰম্ভ কৰিলে। তাৰ পৰা তিনিটা দশকৰ পিচতে বিদেশী মানৰ হাতৰ পৰা অসম দখল ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা ১৯৪৭ চনৰ ১৪ আগষ্টলৈ।

আজি অসমৰ নতুন ইতিহাস ৰচিবলৈ ইয়াৰ প্ৰজাই দেশখনৰ প্ৰজাতন্ত্ৰৰ লিকে লিকে আগবাঢ়িব লাগিব। যুদ্ধখন বাহিৰৰ শত্ৰুৰ লগে লগে ভিতৰত লুকাই থকা শত্ৰুৰ বিৰুদ্ধেও হ’ব। সংকীৰ্ণতাৰ বিপৰীতে বিশালতা গঢ়াৰ লক্ষ্যৰেহে প্ৰজাৰ যুদ্ধ আগবাঢ়িব লাগিব। লক্ষ্য হ’ব লাগিব প্ৰজাতান্ত্ৰিক ৰাজনীতি, সংস্কৃতি আৰু অৰ্থনীতি।

প্ৰতিজন অসমীয়াৰ ভিতৰত সুপ্ত হৈ থকা মহৎ গুণ, দেৱত্ব–মহত্ব বিকশাই তুলিব লাগিব, জ্ঞানময় প্ৰজাতন্ত্ৰ গঢ়িব লাগিব। প্ৰজাতন্ত্ৰৰ চাৰিওটা স্তম্ভক বিকশাই তুলিব লাগিব স্ব মহিমাৰে আৰু তাৰ বাবে দেশৰ শিক্ষা ব্যৱস্থাক শক্তিশালী ৰূপ দিব লাগিব। সকলো প্ৰয়াসৰ মূল লক্ষ্য হ’ব দেশৰ সংবিধানৰ প্ৰস্তাৱনাৰ শব্দবোৰক বাস্তৱ ৰূপ দিয়া।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward