Thursday, April 25, 2024
Homeবাতৰিএন আৰ চি কেন্দ্ৰীক সংঘাত অসম–মেঘালয় সীমান্তত  

এন আৰ চি কেন্দ্ৰীক সংঘাত অসম–মেঘালয় সীমান্তত  

প্ৰকাশিত তাৰিখঃ ১১ ডিচেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

বঙহে–বঙহৰ কৰে অনিষ্ট সাধন। সম্প্ৰতি ৰাজ্যখনত চলি আছে নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া। এই উন্নীতকৰণ প্ৰক্ৰিয়াৰ ফলত বিভিন্ন পক্ষৰ মাজত উত্তেজনাই বিৰাজ কৰি আছে। তেনে সময়তে এন আৰ চিক কেন্দ্ৰ কৰি নতুনকৈ ঘটিল অঘটন অসম–মেঘালয় সীমান্তৱৰ্তী এখন গাঁৱত।

উল্লেখযোগ্য যে যোৱা ৫ ডিচেম্বৰৰ নিশা গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত অসম–মেঘালয় সীমান্তৱৰ্তী গৰেমাৰী গাঁৱত সংঘটিত হয় এই দূৰ্ভাগ্যজনক ঘটনাটো। গাঁৱখনত প্ৰায় ১২৫ টা গাৰো সম্প্ৰদায়ৰ পৰিয়ালে বসবাস কৰে।

প্ৰকৃততে গৰেমাৰী অসমৰ অন্তৰ্ভূক্ত যদিও গাঁৱখনৰ এচাম সুবিধাবাদীলোকে মেঘালয়ৰ ভৌগোলিক সীমাৰ ভিতৰত থকা বুলি কেইবা বছৰৰ পৰা দাবী কৰি অহাৰ লগতে তেওঁলোকে মেঘালয়ৰ বাসিন্দা বুলিয়েই পৰিচয় দি আহিছে। আনকি দু বছৰ পূৰ্বে গাঁৱখনত মেঘালয়ৰ চাইনবোৰ্ড পৰ্যন্ত আঁৰি দিয়াৰ লগতে জে ইউ চাংমাক গাঁওবুঢ়া নিযুক্তি দিছিল। মেঘালয়ৰ বুলি দাবী কৰা পৰিয়ালৰ সদস্যসকলে এন আৰ চিত নিজৰ নাম সন্নিৱিষ্ট কৰাত অনিচ্ছুক। আনহাতে অসমৰ ভৌগোলিক সীমাৰ অধীন বুলি দাবী কৰা পৰিয়াল কেইটাইয়ো আৰ্জুনাথ চাংমাক গাঁওবুঢ়া নিযুক্তি দিছে। এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত তেওঁলোকে সম্পূৰ্ণ সহযোগ কৰিছে। যদিও সংখ্যাত মেঘালয়ৰ দাবীদাৰ আছিল সৰ্বাধিক। সেয়ে অসমৰ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত সহযোগ নকৰিবলৈ মেঘালয়ৰ সমৰ্থক সকলে অহৰহ ভাবুকি প্ৰদান কৰি আহিছিল। কিন্তু সেই ভাবুকিলৈ কেৰেপ নকৰি এন আৰ চিত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ প্ৰয়োজনীয় নথি–পত্ৰসহ আবেদন জনায়। ভয় ভাবুকিৰ প্ৰতি অলপো ভ্ৰূক্ষেপ নকৰাত গাঁৱখনৰ ৪২ টা পৰিয়ালৰ ওপৰত হঠাতে আক্ৰমণ চলোৱাত বহুকেইজন লোক আঘাতপ্ৰাপ্ত হয়। আতংকিত পৰিয়াল কেইটাই প্ৰাণৰ মমতাত নিজৰ ঘৰ–দূৱাৰ এৰি চুবুৰীয়া ৰাভা অধ্যুষিত বাখৰাপাৰা আৰু শিলডুবি গাঁৱত আশ্ৰয় গ্ৰহণ কৰিব লগা হয়।

ইপিনে বাখৰাপাৰা আৰু শিলডুবি গাঁৱৰ ৰাইজে উক্ত ঘটনাৰ বিষয়ে নিখিল ৰাভা ছাত্ৰ সন্থাক অৱগত কৰোৱাত ঘটনাস্থলীত উপস্থিত হয় সংগঠনটোৰ সভাপতি ৰমেন সিং ৰাভাৰ আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কায্যবাহী সদস্য ফণীন্দ্ৰ ৰাভা। পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা, দুধনৈ সমষ্টিৰ বিধায়ক দীপক ৰাভা, গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিন্‌হা আদিকৰি জিলাখনৰ শীৰ্ষ প্ৰশাসনীয় বিষয়াসকল, গোৱালপাৰা জিলা ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, বড়ো ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিষয়ববীয়া, মেঘালয়ৰ কাৰ্যবাহী দণ্ডাধীশ, গাৰো জাতীয় পৰিষদ আৰু গাৰো সাহিত্য সভাৰ নেতৃবৃন্দ ঘটনাস্থলীত উপস্থিত হয়। মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা আৰু বিধায়ক দীপক ৰাভাৰ সন্মূখতে একাংশই গাঁৱখন মেঘালয়ৰ অধীন বুলি দাবী কৰে। ষড়যন্ত্ৰ কৰি গাঁৱখন অসমৰ সৈতে চামিল কৰিলে বিষম পৰিণামৰ সন্মূখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে।

অৱশেষত জিলাখনৰ শীৰ্ষ প্ৰশাসনীয় বিষয়া আৰু ৰাজনৈতি–অৰাজনৈতিক বিভিন্ন সংগঠনৰ প্ৰচেষ্টাত উত্তেজনাই শাম কাটে। সংমিলিত প্ৰচেষ্টাত নিগৃহীত হোৱা পৰিয়ালকেইটাই পুনৰ নিজৰ ঘৰত যাবলৈ সক্ষম হয়।

স্মৰ্তব্য যে গৰেমাৰী অসমৰ অন্তৰ্ভূক্ত যদিও গাঁৱখন সকলো দিশৰ উন্নয়নৰ পৰা বঞ্চিত। ৭০ বছৰ অতিক্ৰম কৰা গাঁৱখনত এতিয়ালৈ বিদ্যুৎ সংযোগ হোৱা নাই, খোৱা পানীৰ ব্যৱস্থা নাই, বাট–পথৰ ব্যৱস্থাও পঁয়ালগা। সেয়ে দীৰ্ঘদিন ধৰি উন্নয়নৰ পৰা বঞ্চিত হৈ থকা গৰিষ্ঠ সংখ্যক পৰিয়ালে মেঘালয়ত চামিল হোৱাৰ পোষকতা কৰি আছিল। তেনেক্ষেত্ৰত অসমৰ ভৌগোলিক এলেকাত যদি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত উন্নীতকৰণ হয় তেনেহ’লে মেঘালয়ত চামিল হোৱাত ব্যঘাত জন্মিব পাৰে বুলি আশংকা কৰিছিল মেঘালয় পন্থীসকলে। সেয়ে অসম পন্থীসকলক এন আৰ চি প্ৰক্ৰিয়া উন্নীতকৰণত সহযোগ নকৰিবলৈ বাৰে বাৰে মানা কৰি আছিল বুলি এক সূত্ৰত প্ৰকাশ।

ইপিনে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা আৰু দুধনৈ সমষ্টিৰ বিধায়ক দীপক ৰাভাই গাঁওখনৰ উন্নয়নৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward