Friday, March 29, 2024
Homeবাতৰিকেন্দ্ৰই নগা চুক্তি সম্পাদনেৰে বৰদিনৰ উপহাৰ দিব পাৰে নগালেণ্ডবাসীক

কেন্দ্ৰই নগা চুক্তি সম্পাদনেৰে বৰদিনৰ উপহাৰ দিব পাৰে নগালেণ্ডবাসীক

প্ৰকাশিত তাৰিখঃ ১১ ডিচেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

কেন্দ্ৰীয় চৰকাৰে অচিৰেই নগা চুক্তি সম্পাদন কৰি বৰদিনৰ উপহাৰ দিব পাৰে নগালেণ্ডবাসীক। যিসময়ত অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ এক বৃহৎ ভৌগোলিক এলেকা সামৰি নাগালিম গঠন সন্দৰ্ভত চুবুৰীয়া ৰাজ্যকেইখনৰ পৰিস্থিতি উত্তপ্ত হৈ আছে তেনেসময়তে নগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে নতুন দিল্লীত অতি গৌৰৱেৰে প্ৰকাশ কৰে বৰদিনৰ পূৰ্বেই সম্পাদিত হ’ব নগা চুক্তি।   

উল্লেখযোগ্য যে বিগত কুৰি বছৰ ধৰি চলি থকা নগা শান্তি আলোচনাখন এতিয়া সমাধানৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। চুক্তিখনৰ সকলোবোৰ খচৰা প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। সেয়ে দীৰ্ঘদিনীয়া নগা সমস্যাটোৰ অচিৰেই সমাধান হ’ব বুলি মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে প্ৰকাশ কৰে।

বৃহত্তম নাগালিম গঠনেই হ’ল নগাসকলৰ প্ৰধান দাবী। চুবুৰীয়া ৰাজ্যৰ নগা অধ্যুষিত অঞ্চলসমূহ একত্ৰীকৰণ কৰি বৃহত্তম নাগালিম গঠনৰ বাবে সুদীৰ্ঘ কালজুৰি সংগ্ৰাম কৰি আহিছে নগাসকলে। অৱশ্যে চুক্তিৰ প্ৰথম পৰ্যায়ত চুবুৰীয়া ৰাজ্যকেইখনত থকা নগাসকলক সামাজিক, সাংস্কৃতিক আৰু আৱেগিকভাৱেহে একত্ৰিত কৰা হ’ব। বৃহত্তম নাগালিম গঠনৰ ক্ষেত্ৰত চুবুৰীয়া ৰাজ্য অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰে বিৰোধিতা কৰি অহাৰ কথা সম্পূৰ্ণ জ্ঞাত বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে।

এই মুহুৰ্তত বৃহত্তম নাগালিম গঠনত কিছু কাৰিকৰী অসুবিধা আছে যদিও এইক্ষেত্ৰত সকলো পক্ষৰ এটা ভাল বুজাবুজিৰ প্ৰয়োজন বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰে। সেয়ে সমাগত বৰদিনৰ পূৰ্বে স্বাক্ষৰিত হ’বলগীয়া চুক্তিখনত চুবুৰীয়া ৰাজ্যকেইখনৰ ভৌগোলিক এলেকা অন্তৰ্ভূক্ত নহয়। হ’লেও প্ৰসঙ্গটো পৰৱৰ্তীকালতো বিবেচনাৰ মুখ্য বিষয়বস্তু হৈয়েই থাকিব।  

ইপিনে চুবুৰীয়া ৰাজ্য মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙে বৰদিনৰ পূৰ্বে স্বাক্ষৰ হ’বলগীয়া নগা চুক্তিৰ বিষয়ে জ্ঞাত নহয় বুলি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। নাগালিম সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কোনো কথাই মণিপুৰ চৰকাৰক জনোৱা নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুই নগা চুক্তি সন্দৰ্ভত এতিয়াও মৌন হৈয়েই থকা দেখা গৈছে।   

আনহাতে চুবুৰীয়া ৰাজ্য মণিপুৰৰ ভৌগোলিক এলেকা বৃহত্তম নাগালিমত অন্তৰ্ভূক্ত সন্দৰ্ভত ৰাজ্যখনৰ ছাত্ৰ তথা অন্যান্য জাতীয় সংগঠনে নতুন দিল্লীত এতিয়ালৈকে কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছে। কিন্তু অসমৰ কোনো দল–সংগঠনে এতিয়ালৈ তেনে কাৰ্যসূচী পালন কৰা দেখা নাই যদিও ৰাজ্যৰ পৰিসীমাৰ ভিতৰত অৱশ্যে প্ৰতিবাদী কাৰ্যসূচী পালন কৰি আহিছে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward