Thursday, May 2, 2024
HomeARTICLEফলপ্ৰস্থ তৈল খেজুৰৰ খেতি

ফলপ্ৰস্থ তৈল খেজুৰৰ খেতি

প্ৰকাশিত তাৰিখঃ ২৫ ছেপ্টেম্বৰ, ২০২৩

কল্প ৰঞ্জন গগৈ –

সপ্তম শতিকাত হিউৱেন চাং কামৰূপলৈ আহোতে যথেষ্ট পৰিমাণে নাৰিকল, তামোল, কুঁহিয়াৰ হোৱা দেখিছিল। ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰা (২৪–২–১৮২৬) অসমৰ মাটি পৰীক্ষা কৰি শ্ৰেষ্ঠ মাটিখিনিত (Best Soil) চাহ খেতি আৰম্ভ কৰে। যদিও আনুষ্ঠানিকভাৱে এই সন্ধিখনকহে ইংৰাজৰ দখলৰ সময় বুলি ধৰা হয়। ১৭৯২ চনৰ জুন মাহৰ পৰাই ইংৰাজে অসমৰ প্ৰজা বিদ্ৰোহ দমনৰ বাবে স্বৰ্গদেউ গৌৰীনাথৰ আহ্বানত অসম প্ৰৱেশ কৰে। ১৭৯৩ চনত ইংৰাজে এখন বাণিজ্য চুক্তি কৰি অসমৰ ওপৰত অধিকাৰৰ আৰম্ভণি কৰে। সেইবাবে ১৮২৩ চনৰ পৰাই কোম্পানীয়ে অসমত চাহ খেতি আৰম্ভ কৰে। প্ৰকৃততে ১৭৬৯–১৮২৬ চনলৈ অসম প্ৰশাসনৰ পতনৰ সময় বুলিব পাৰি। নিজৰ প্ৰজাক দমনৰ বাবে বিদেশী শক্তিৰ সহায় লোৱাৰ পৰাই বেলিমাৰ আৰম্ভণি বুলি পাৰি।

১৮২৬ৰ পৰা ১৯৪৭ চনলৈ এক দিঘলীয়া গণ সংগ্ৰামৰ ফলত ভাৰত স্বাধীন হ’ল। সংবিধানৰ মতে– India that is Bharat। কিন্তু আমাৰ মতে– Bharat was divided as India and Pakistan। সেয়ে ভাৰত হ’বলৈ এক দীৰ্ঘম্যাদী যুদ্ধ লাগিব– সাংস্কৃতিকভাৱে।

ভাৰতবৰ্ষ প্ৰকৃততে এখন তৃতীয় বিশ্বৰ নিম্ন মধ্যবিত্ত স্তৰৰ দেশ। কৃষিয়েই হৈছে ইয়াৰ অৰ্থনীতিৰ ভেটি। ইয়াৰ ৮০% কৃষক ক্ষুদ্ৰ আৰু উপান্ত। সেয়ে সকলো খেতি ইয়াৰ বাবে উপযুক্ত নহয়– Neither Economically viable, technically feasible non, Socially acceptable। ভাৰতবৰ্ষৰ যিকোনো আঁচনি হ’ব লাগিব– Low cost, location specific and need based।

অসমৰ বাবে উপযুক্ত হ’ব বহুতৰপীয়া কৃষি – Multi storied Hi density cropping– সমন্বিত কৃষি Integrated Farmingৰ দৰে মিশ্ৰিত শস্যৰ কৃষি পদ্ধতি, যাৰ কৃষিকাল ছুটি। Short duration and Intensive Mechanised cropping scheme।

তৈল খেজুৰ উপযুক্ত হ’ব চৰ অঞ্চলৰ বাবে য’ত মাটিৰ উৰ্ব্বৰতা কম, Waste lands পতিত/ পেলনীয়া মাটি, সীমান্ত অঞ্চল য’ত যথেষ্ট মুক্তংগন আছে। অসমৰ ৮০% ক্ষুদ্ৰ আৰু উপান্ত (Small and Marginal) খেতিয়কসকলক এই খেতি কৰিবলৈ দিয়া মানে হত্যা কৰা। ধনী খেতিয়কসকলক সংঘৱদ্ধ কৰি খেতিৰ লগতে তেল পেৰা উদ্যোগ গঢ়িবলৈ সহায় কৰিব লাগিব।

প্ৰতিটো দিশতেই ভাল–বেয়া থাকিবই। সেয়ে ইতিবাচক দিশ লক্ষ্য কৰি সম্পূৰ্ণভাৱে চৰকাৰৰ নিয়ন্ত্ৰণত ধনী খেতিয়কসকলক এই দায়িত্ব দিয়া উচিত।

যিহেতু এই Mega Palm Plantation Drive আৰম্ভ হ’লেই ইয়াক আগবঢ়াই নিব লাগিব ধনী খেতিয়ক সকলেই। Assam Plantation Development Corporationৰ দৰে প্ৰতিষ্ঠানক ইয়াৰ বাবে দায়ৱদ্ধ কৰিব লাগিব।

এখন কল্যাণকামী দেশৰ প্ৰধান কৰ্তব্য হ’ব দেশৰ কৰদাতা জনতাৰ তেজ ঘামৰ পইচাৰ যাতে প্ৰকৃত ফলদায়ক আৰু উদ্দেশ্যমূলক (Fruitfull and Purposive) ব্যৱহাৰ হয়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward