Friday, March 29, 2024
HomeARTICLEধুমুহাই সৰ্বস্বান্ত কৰিলে কুলশী ঘোৰামাৰাৰ কল খেতিয়কসকলক  

ধুমুহাই সৰ্বস্বান্ত কৰিলে কুলশী ঘোৰামাৰাৰ কল খেতিয়কসকলক  

প্ৰকাশিত তাৰিখঃ ২৫ জুলাই, ২০২২

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ব্ৰহ্মপুত্ৰ পাৰৰ বৰটাৰীৰ পৰা আৰম্ভ কৰি একেবাৰে অন্তিম সীমাৰ ঘোৰামাৰা, কুলশী, নলবাৰী, বেছিমাৰী, ৰাণীখামাৰ আদিত কলখেতিৰ এক বিপ্লৱ সূচনা হোৱা বুলিয়েই ক’ব লাগিব। বিশেষকৈ এই বিপ্লৱৰ সূচনা কৰিছে শিক্ষিত নিৱনুৱা সকলে। শিক্ষিত নিৱনুৱাসকলৰ পদাংক অনুসৰন কৰিছে বয়োজ্যেষ্ঠ খেতিয়কসকলেও। দেখা গৈছে– বৰ্তমান অঞ্চলটোৰ যুৱ খেতিয়ক সকলৰ সমানে সমানে বয়োজ্যেষ্ঠ খেতিয়কসকলেও আগবাঢ়িছে। য’ত– কলখেতিৰ পৰা লাখে লাখে টকা উপাৰ্জন কৰিবলৈও সক্ষম হৈছে।   

সমষ্টিটোৰ অন্তৰ্গত এখন গাঁও ঘোৰামাৰা। ৰাভা জনগোষ্ঠী বসতিপ্ৰধান এই গাঁওখন কলহী নদীৰ পাৰত অৱস্থিত। গ্ৰাম্য চহৰ কুলশীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ আঁতৰত ঘোৰামাৰা। ৰাভা হাছং পৰিষদীয় এলেকাৰ কুলশী সমষ্টিৰ অন্তৰ্গত ঘোৰামাৰা গাঁওখন কৃষি উৰ্বৰ ভূমিৰ অধিকাৰী। আজি কেইবছৰ মান আগতে উক্ত অঞ্চলটোত এক কৃষি বিপ্লৱৰ সূচনা হৈছিল। কলহী নদীৰ দুয়োপাৰে থকা গাঁওখনৰ শ শ বিঘা ভূমিত গঢ়ি উঠিছে কলৰ বাগিচা। কলহী নদীৰ কুলশী–কুকুৰমাৰা সুঁতি ঘোৰামাৰাৰ এঠাইত দুভাগ হৈ তিনিশ মিটাৰ আঁতৰত পুনৰ লগ লাগিছে। নদীটোৰ মাজৰ ঠাইখিনি এটি দ্বীপৰ আঁকাৰ লৈছিল। দ্বীপ সদৃশ ঠাই খিনিক স্থানীয়লোকসকলে ‘টিটুৱা’ লগতে কোনো কোনোৱে মাজুলী বুলিও কয়। টিটুৱাত মাটিৰ পৰিমাণ আছিল তিনিশ বিঘাৰো অধিক। বহু বছৰীয়া নদীৰ পলসে উৰ্বৰা কৰা ঠাইখন ঘোৰামাৰা ৰাইজৰ দখলত আছিল। এই ঠাইখনৰ তিনিশ বিঘা উৰ্বৰ কৃষি ভূমিতে গঢ়ি উঠিছে বিশাল–বিশাল কলৰ বাগিচা। অঞ্চলটোৰ বিভিন্নলোকে ঘোৰামাৰা ৰাইজৰ পৰা বছৰকীয়া চুক্তিত লীজত লৈ কল খেতি আৰম্ভ কৰিছিল। সুভাষ চিনাল, ভৈৰৱ ৰাভা, সঞ্জয় ৰাভা, হিতেশ ৰাভা, অশ্বিনী ৰাভা, শংকৰ ৰাভা, কমলেশ্বৰ কলিতা, কুমুদ কলিতা, অখিল কলিতা আদি ১৫জনকৈ খেতিয়ক আছিল টিটুৱাত। টিটুৱাত কলখেতি কৰা কোনোবাজন খেতিয়কৰ দুবছৰ আৰু কোনোবাজনৰ পাঁচ বছৰৰ অধিক হৈছে। পুৰণি বাগিচাৰ গৰাকীসকলে পৈণত গছবোৰ উঠাই নতুনকৈ ৰোপণ কৰিছে। বিগত বৰ্ষ সমূহত উপযুক্ত ফচল লাভ কৰা খেতিয়কসকল এক মোটা অংকৰ ধন লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি কল খেতিয়কসকল সবাতোকৈ বেছি উৎসাহিত হোৱাৰ কাৰণ আছিল– উৎপাদিত ফচল সমূহ বেপাৰীয়ে বাগিচাৰ পৰাই কিনি লৈ গৈছিল। বাগিচাৰ কল বিক্ৰীৰ ক্ষেত্ৰত কোনো দিন বজাৰৰ সমস্যাত ভোগা নাছিল। এক আশিত ৪৫–৫০ টকা দৰত প্ৰতি থোক কলত ৪–৬শ  লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ শ্ৰমে উচিত মূল্য লাভ কৰা দেখি অঞ্চলটোৰ বহুলোক অনুপ্ৰাণিত হৈছিল আৰু বিভিন্ন ঠাইত কলৰ খেতি আৰম্ভ কৰিছিল।

যদিও– সময়ে সময়ে ঘটা প্ৰাকৃতিক দূৰ্যোগৰ বাবে বহুক্ষেত্ৰত খেতিয়কসকল ভীষণভাৱে ক্ষতিগ্ৰস্তৰো সন্মুখীণ হৈ পৰিছ। তেনে এটি প্ৰাকৃতিক দূৰ্যোগ ঘটি গ’ল যোৱা ১৪ জুলাইৰ নিশা। সেইদিনা নিশা অহা প্ৰচণ্ড ধুমুহা, বৰষুণে টিটুৱাৰ খেতিয়কসকলৰ বাগিচাৰ কল গছ সমূহ মাটিৰ সমান কৰি দিছিল। দিনৰ পিছত দিন পৰিশ্ৰম কৰি ডাঙৰ–দীঘল কৰা হাজাৰ–হাজাৰ কল গছ মুহুৰ্ততে মাটিত বাগৰি পৰিছিল। ফলত খেতিয়কলৰ সেউজীয়া সপোন, আশা–উদ্দীপনা মুহুৰ্তৰ ভিতৰতে চূড়মাৰ হৈ গৈছিল। ইতিমধ্যে– বাগিচাকেইখনত পৈণত গছ সমূহে কলৰ থোক দিব আৰম্ভ কৰিছিলহে মাত্ৰ। সকলোবোৰ ঠিকে থাকিলে অহা শাৰদীয় দুৰ্গাপূজাৰ বতৰত কল খেতিয়কসকলে লক্ষ লক্ষ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’লহেতেন। উল্লেখ্য যে, সেইদিনাৰ ধুমুহাই টিটুৱাৰ বাহিৰে অন্যান্য অঞ্চলৰ কলৰ বাগিচাত বৰ বেছি প্ৰভাৱ পেলাব পৰা নাছিল।

অসম চৰকাৰৰ এটি বিয়াগোম কৃষি বিভাগ আছে, সেই বিভাগটোৰ গাতে ওলমি আছে উদ্যান শস্য বিভাগটোও। সেই বিভাগ কেইটাক লৈয়েই ৰাজ্য চৰকাৰে কৃষকৰ আয় দুগুণীকৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। তেনেবোৰ আঁচনি প্ৰচাৰৰ বাবে বিভাগীয়ভাৱে বিভিন্ন ৰাজহুৱা সভা সমিতি আয়োজন কৰাই নহয় আনকি প্ৰচাৰ মাধ্যম সমূহত বৰ বৰ হৰফেৰে বিজ্ঞাপন প্ৰকাশ কৰাও দেখা যায়। বিভাগকেইটাৰ দায়িত্বই আছিল কৃষিক্ষেত্ৰৰ পৰা দুগুণ আয় লাভ কৰিব পৰা বৈজ্ঞানিক পদ্ধতিবোৰ খেতিয়কৰ মাজলৈ লৈ যোৱাৰ। কিন্তু ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য বিভাগে নাজানে ঘোৰামাৰাৰ কল খেতিয়কসকলৰ বিষয়ে। বিভাগটো কেইটাৰ জিলা পৰ্যায়ৰ বৰমুৰীয়াসকলৰ কথা বাদেই দিলো আনকি খণ্ড উন্নয়ন পৰ্যায়ৰ কৃষি তথা উদ্যান শস্য বিষয়া–কৰ্মীসকলেও সেই স্থান গচকি পোৱা নাই। কল খেতিৰ বাবে পদ্ধতিবোৰ কৃষকসকলে নিজে নিজে আহৰণ কৰি লোৱা। সেইদৰে নিজা পদ্ধতি অৱলম্বন কৰি ৰোপণৰ পৰা চপোৱালৈকে প্ৰতিবিঘা কল খেতিত ৩০–৪০ হেজাৰ টকা খৰচ হৈছিল। বাস্তৱিকতে চৰকাৰৰ যোগাত্মক আঁচনিৰ প্ৰসাৰৰ বাবে চৰকাৰে ক’ত কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিছে! নিজৰ ব’লত খেতিবাতি আৰম্ভ কৰা কৃষকসকলে পাইছেনে চৰকাৰৰ সেই অভিলাসী আঁচনি সমূহৰ সা–সুবিধাবোৰ? দুখৰ বিষয় বৰ্তমানেও ঘোৰামাৰা–টিুটুৱাৰ সেই কল খেতিয়কসকলে চৰকাৰৰ পৰা কোনো ধৰণে সা–সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। আনকি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনৰ পৰাও কোনো ধৰণে সা–সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। তাতোকৈ দুখৰ বিষয়– প্ৰাকৃতিক দূৰ্যোগত সৰ্বস্বান্ত হোৱা কল খেতিয়কসকলক ৰাজ্য চৰকাৰৰ শস্য বীমা আঁচনিয়েও হেনো ঢুকি নাপায়। ধান–মাহ আদি শস্যত যিদৰে বীমাৰ সুবিধা আছে সেইদৰে কলখেতি শস্য বীমাৰ আওতাত নপৰে। টিটুৱাৰ কল খেতিয়কসকলে নিজৰ গাঁঠিৰ ধন ভাঙি বাগিচা সমূহ স্থাপন কৰিছে। এজন কৃষকৰ ভূমিৰ পৰিমাণ সৰ্বনিম্ন ৩বিঘা আৰু সৰ্বচ্চ ২৭ বিঘা। তেনেক্ষেত্ৰত ৩বিঘাৰ বাগিচা এখন স্থাপন কৰিবলৈও খেতিয়কসকলে খৰচ কৰিবলগীয়া হৈছে ১লাখ ২০হেজাৰ টকা। কিন্তু লাখ লাখ টকা খৰচেৰে কল বাগিচা স্থাপন কৰা খেতিয়কলক ধুমুহাই ক্ষতিগ্ৰস্ত কৰিলেও সেই ধন চৰকাৰী বীমা আঁচনিৰ পৰা পোৱাৰ ব্যৱস্থা নাই। অসম চৰকাৰে যদি বিশেষ আৰ্থিক অনুদান প্ৰদান নকৰে তেনেহ’লে সেই টকা কৃষকজনৰ নিজৰ হাতৰ পৰা ওলাই যাব।

প্ৰাকৃতিক দূৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা কল খেতিয়কসকল বৰ্তমান হতাশাত ভাগি পৰিছে। খেতিয়কসকলে প্ৰকাশ কৰা মতে– ভাবিব নোৱাৰা ধৰণে প্ৰাকৃতিক দূৰ্যোগৰ ঘটনা এটা তেওঁলোকৰ মুৰৰ ওপৰেদি পাৰ হৈ গ’ল অথচ এই মুহুৰ্তলৈকে দূৰ্ভগীয়া কল খেতিয়কসকলৰ ওচৰত উপস্থিত হোৱা নাই এজনো চৰকাৰী প্ৰতিনিধি। ইতিমধ্যে কল খেতিয়কসকলে তেওঁলোকৰ দুখ–বেদনা স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াক অৱগত কৰা বুলি জানিব পৰা গৈছে। কিন্তু সমষ্টিটোৰ বিধায়কগৰাকীয়ে অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈ হতাশাত ভাঙি পৰা কল খেতিয়কসকলৰ দুখ–বেদনাৰ কথা কেনেদৰে হৃদয়ংগম কৰে সেইটো সময়েহে ক’ব। এইক্ষেত্ৰত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব নিশ্চয়।

শিৰোনামৰ ছবিঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward