Thursday, May 9, 2024
HomeARTICLEপ্ৰকৃত আধুনিকতা

প্ৰকৃত আধুনিকতা

প্ৰকাশিত তাৰিখঃ ৪ ডিচেম্বৰ, ২০২৩

কল্প ৰঞ্জন গগৈ –

সাত সাগৰ তেৰ নদীৰ সিপাৰে ইংৰাজৰ দুশ বছৰীয়া অপশাসনৰ পৰা মুক্ত স্বাধীন ভাৰতবৰ্ষৰ আজি ৭৬ বছৰীয়া। ১৭৯৩ চনৰ পৰা বাণিজ্যিক বন্ধকত থকা অসম ৫৪ বছৰ ইংৰাজৰ অধীন। ২০২৩ চনৰ ১৫ আগষ্টৰ পৰা আৰু এক যাত্ৰা। আজি ভাৰতবৰ্ষত ১৪২ কোটি জনসম্পদ। শিক্ষিতৰ হাৰ ৭৪.০৪ শতাংশ, পুৰুষ ৮২ আৰু মহিলা ৬৬। এই জনসম্পদক দেশৰ বাবে সম্ভাৱনাৰ সম্পদ–সুযোগ–শক্তি হিচাপে গঢ়ি তোলাটোৱেই দেশৰ নেতাসৱৰ ৰাজনৈতিক–অৰ্থনৈতিক প্ৰত্যাহ্বান। দেশত ইংৰাজসকলৰ দখললৈ যোৱাৰ আগেয়ে ইয়াৰ অৰ্থনৈতিক পূঁজি যথেষ্ট সবল হোৱাৰ লগতে সাংস্কৃতিক পূঁজিও যথেষ্ট সবল আছিল। শ্ৰীমন্ত শংকৰ–মাধৱ, গুৰু নানক, মহাবীৰ জৈন, চৈতন্যদেৱ সকলৰ শৈক্ষিক– সাংস্কৃতিক পূঁজিৰে এই বুনিয়াদ প্ৰতিষ্ঠিত। অসমৰ শংকৰ–মাধৱৰ লগতে ১৮ শতিকাত যোগ হৈছিল চুফী দৰ্শন, আজান পীৰৰ পূঁজি। এনেদৰে সমৃদ্ধ হৈছিল অসমৰ সমাজ–জীৱন। অসমৰ এই ইতিহাসেই প্ৰজাৰ ইতিহাস, জনতা জনাৰ্দনৰ ইতিহাস। (প্ৰকৃত আধুনিকতা)

ইংৰাজৰ দখলে অসমৰ লগতে ভাৰতবৰ্ষৰ অৰ্থনৈতিক পূঁজি ধ্বংস কৰাৰ লগতে ইয়াৰ সাংস্কৃতিক পূঁজিও বিকৃত কৰি থৈ যোৱাৰ বাবে অসমৰ প্ৰজাই ‘জনতা বৰভেটি’ গঢ়াৰ পিছতো, আজি অসমীয়া কৰদাতা সকলে এক নতুন বৰভেটি গঢ়ি আগবাঢ়ি যাব পৰা নাই। কিহৰ বাবে?

আজিৰ বিশ্বৰ পৰিস্থিতি বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। অৱক্ষয় চৌদিশে, একেবাৰে তৃণমূল পৰ্যন্ত। মানুহ হৈ পৰিছে নৃশংস। এই নৃশংসতা পতনশীল–পচনলীল সংস্কৃতিৰ ফচল। এই পচনশীল সংস্কৃতি হৈছে পতনশীল ৰাজনীতি–অৰ্থনীতিৰ প্ৰতিবিম্ব। আধুনিক সমাজ বিজ্ঞানত এই ব্যাখ্যা স্পষ্ট। সেয়ে এনে পতনশীল সময়ত মানুহৰ ওপৰত পতনৰ বিশ্বাস স্থাপন কৰি এক নতুন মানুহ গঢ়াৰ ইতিহাস ৰচনা কৰিব লাগিব। য’ত মানুহৰ বিশেষকৈ নিম্নবৰ্গৰ সংগ্ৰামৰ কথাহে থাকিব।

শ্ৰীমন্ত শংকৰৰ সময় ১৪৪৯–১৫৬৮ লৈ অসমৰ ৰাজনীতি বিশেষভাৱে তাৎপৰ্যময়। মধ্যযুগৰ অসম চ্যাওল্যুং চ্যুকাফাই পাটত বহা ১২২৮–১২৬৮ চনৰ পৰা দুটাকৈ শতিকা, ৰজাৰ মৰা–কটা, প্ৰজাৰ বিলৈ, সাতোজনকৈ ৰজা। তেনে সময়তে শ্ৰীমন্ত শংকৰে ভক্তিৰসেৰে প্ৰজাৰ দুখৰ দিনত অময়া সুখৰ বাবে শ্ৰীকৃষ্ঞৰ চৰণত শৰণ ল’বলৈ, আদিম যুগৰ অভ্যাসৰ বিৰুদ্ধে থিয় হ’বলৈ অনুপ্ৰেৰণা দি গ’ল। সিয়ে অসমীয়া হালোৱা–বনুৱা প্ৰজাক বৰভেটি তৈয়াৰ কৰি ৰাজতন্ত্ৰৰ বিৰুদ্ধে থিয় হ’বলৈ সাহস দিলে।

তাৰ পিছত আজি একৈশ শতিকাত থানবান হৈ পৰা অসমীয়া জাতিক নতুন ৰূপত গঢ় দিবলৈ হ’লে নতুন ধৰণে শংকৰ–মাধৱ আৰু তেওঁলোকৰ উত্তৰসূৰী সকলক আৱিস্কাৰ কৰিব লাগিব। বিশেষকৈ বৰ্তমানৰ গোলকীয় অসভ্যালিবোৰৰ বিৰুদ্ধে প্ৰকৃত আধুনিক প্ৰজাৰ দৰ্শনৰ শক্তিৰে আগবাঢ়িব লাগিব।

আজি এই কথা স্পষ্ট যে আমাৰ দেশৰ মানুহ আধুনিক আৰু সভ্য Modarnised and Civilized হ’বলৈ বহু বাকী। ব্ৰিটিছৰ দিনৰ পৰা Westernized পাশ্চাত্যৰ অনুগামীহে হ’ল।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward