Friday, April 26, 2024
HomeARTICLEৰাজ্যত তিনি তৰপীয়া কৃষি পদ্ধতিৰ পোষকতাঃ কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ...

ৰাজ্যত তিনি তৰপীয়া কৃষি পদ্ধতিৰ পোষকতাঃ কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

প্ৰকাশিত তাৰিখঃ ২৫ মে’, ২০২০
 
নীৰেন্দ্ৰ প্ৰসাদ ৰাভা
লকডাউনত ভাঙি পৰা কৃষি অৰ্থনীতি টনকিয়াল কৰিবলৈ হ’লে ৰাজ্যৰ কৃষি পদ্ধতি পৰিৱৰ্তন কৰিবই লাগিব। কাৰণ অৰ্থনৈতিক ক্ষতি পূৰণৰ সম্ভাৱনা অকল কৃষি ক্ষেত্ৰতহে আছে। এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰা যোৱা ১৬ মে’ত অসম কৃষি বিশ্ববিদ্যালয়ৰ কাঁহিকুছি চৌহদত অৱস্থিত কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰত উপস্থিত হয়। কেন্দ্ৰটোৰ কৃষি বিজ্ঞানী তথা উচ্চ পদস্থ বিষয়াবৰ্গৰ লগত ৰাজ্যখনৰ কৃষি অৰ্থনীতি টনকিয়াল সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। আলোচনাকালত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত তিনি তৰপীয়া কৃষি পদ্ধতি প্ৰৱৰ্তনৰ পোষকতা কৰে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰটোৰ কৃষি বিজ্ঞানীসকলৰ প্ৰতি নিৰ্দেশ দিয়াৰ কথা জানিব পৰা গৈছে। লকডাউনত ক্ষতিগ্ৰস্ত কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ ২০লাখ কোটি টকীয়া পেকেজত লাভান্বিত হ’ব বুলি আলোচনাকালতে তেখেতে এক আশা প্ৰকাশ কৰে। ইয়াৰ ফলত কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰীৰ মান সংযোজিত কৰাৰ সুযোগ লাভ কৰিব। য’ত কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত মধ্যভোগী জড়িত হোৱাৰ সুযোগ নাথাকিব। আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে কৃষকসকলক পাৱাৰ টিলাৰ, মছলা গুৰিকৰা মেচিন, শাকপাচলি আৰু ধানৰ বীজ বিতৰণ কৰে।
চৰকাৰে কৃষকৰ বাবে সময়ে সময়ে উন্নয়নমূলক বিভিন্ন আঁচনি প্ৰদান কৰি আহিছে। এই আঁচনিবোৰৰ নামত চৰকাৰে বহু টকা খৰচ কৰি আছে যদিও চকুত লগা ধৰণে কৃষকৰ উন্নতি হোৱা নাই। ইপিনে আঁচনি ৰূপায়ণৰ ব্যৱস্থাটো যথেষ্ট আসোঁৱাহপূৰ্ণ হোৱাৰ বাবে উপযুক্ত হিতাধিকাৰীৰ পৰিৱৰ্তে অনুপযুক্ত কিছু লোকৰ হাতলৈ এই ধন সমূহ গুছি গৈছে। কৃষকে ইচ্ছা কৰিলে চৰকাৰৰ সাহাৰ্য অবিহনেও খেতিপথাৰখনক নদনবদনকৈ গঢ়ি তুলিব পাৰে। কিন্তু যিসকলে তেনেকৈ গঢ়ি তুলিছে তেওঁলোকৰ প্ৰায় ভাগেই অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্তৰ সন্মুখীণ হৈছে। গতিকে কৃষক এজনে যদি খেতিৰ নামত লোকচানৰ মুখামুখি হয় তেনেহ’লে খেতিৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ কমি যোৱাটোই স্বাভাৱিক। বৰপেটাখাৰুপেটীয়া তথা অন্যান্য অঞ্চলৰ চৰচাপৰিৰ কৃষকসকলৰ দূৰ্দশাই ইয়াৰ উপযুক্ত প্ৰমাণ। বৰপেটাখাৰুপেটীয়াত ২টকাত বিক্ৰী কৰা বন্ধাকবিগুৱাহাটীৰ মানুহে ৪০ টকাৰ টকাৰ তলত কিনিব নোৱাৰে। ১৫ টকাত বিক্ৰী হোৱা ফুলকবি গুৱাহাটীৰ ৰাইজে ৭০ টকাৰ তলত কিনাৰ সৌভাগ্য ঘটেনে? ডেৰ টকাত কিনা তিয়হৰ দামনো গুৱাহাটীত কেনেকৈ ৪০ টকা হ’ব পাৰে। এনেকুৱা অলেখ উদাহৰণ আছে। বৰপেটাৰ পৰা গুৱাহাটীলৈ গাড়ী এখনত সামগ্ৰী কঢ়িয়াওতে প্ৰতিকিলোত ৩০৪০টকা খৰচ হয় নে? তেনেহ’লে কি যুক্তিত বৰপেটাখাৰুপেটীয়াৰ পৰা গুৱাহাটী আহি পাওঁতে পাচলিৰ দাম ইমান বাঢ়ি যায়। আনহাতে কৃষকসকলে হাড়ভঙা পৰিশ্ৰম কৰিও উৎপাদিত ফচলত লোকচান ভৰাৰ বিপৰীতে সামান্যতম কষ্ট কৰা মধ্যভোগীসকলে সেই ফচলতে অধিক ধন লাভ কৰে। সামান্য পৰিশ্ৰমৰ বিনিময়ত অধিক লাভান্বিত হোৱা এই মধ্যভোগীসকলৰ ওপৰতে আজি নিৰ্ভৰশীল ৰাজ্যৰ কৃষক সমাজ। সেয়ে খেতি কৰা লোকৰ সংখ্যা দিনক দিনে কমি যোৱাৰ বিপৰীতে খেতিয়কৰ উৎপাদিত ফচল বিক্ৰীৰ বাবে হেতাওপৰা লগোৱা বেপাৰীৰ সংখ্যা দিনক দিনে বাঢ়ি যোৱা পৰিলক্ষিত হৈছে। সেই কাৰণ সমূহতেই হয়তো কৃষক পৰিয়ালৰ যুৱ প্ৰজন্ম আজি কৃষিৰ প্ৰতি অনীহা।
‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ কৃষি কাৰ্যত জড়িতসকলক সহায়ৰ বাবে এখন কেন্দ্ৰীয় আঁচনি। যি আঁচনিত নিৰ্বাচিত হিতাধিকাৰীয়ে এবাৰত ২হেজাৰকৈ বছৰত তিনিটা কিস্তিত মুঠ ৬হেজাৰ টকা লাভ কৰাৰ ব্যৱস্থা আছিল। প্ৰকৃততে খেতিবাতিৰ লগত জড়িত থকাসকলৰ নামত এই টকা ব্যৱহাৰ হ’লে তেওঁলোক বহু উপকৃত হ’লহেতেন। কিন্তু প্ৰকৃত কৃষকৰ পৰিৱৰ্তে আঁচনিৰ ধন লাভ কৰা সকলৰ অধিকাংশই কোনো ৰাজনৈতিক দলসংগঠনৰ লগত জড়িত নেতাকৰ্মীৰ আত্মীয় কুটুম্বহে। তেওঁলোক কৃষক নহয়, সুবিধা পালে দুইএটকা খোৱাৰ সুযোগত থকা লোকহে। হিতাধিকাৰী নিৰ্বাচনতে খেলিমেলিৰ সৃষ্টি হোৱা বাবে ৰাজ্যখনত কোনো এখন আঁচনিৰে ৰূপায়ণ সফল নহয়। বিগত দিনত প্ৰচলিত আঁচনি সমূহৰ হিতাধিকাৰী নিৰ্বাচনত স্বজনতোষণ চলি অহাৰ দৰে পি এম কিষাণ আঁচনিখনতো একেই ৰূপ দেখা গ’ল। অথচ কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত নিৰ্দিষ্ট নীতিনিয়ম বান্ধি দিছিল। কিন্তু সেই নিয়ম ক’ৰবাত পেলাই থৈ ৰাজনীতিৰ পালিধৰাসকলে নিজৰ ইচ্ছামতে নীতি প্ৰস্তুত কৰিলে। সেই নীতিৰ আধাৰত হিতাধিকাৰী নিৰ্বাচন কৰাৰ ফলত আজি ৰাজ্যৰ চৌদিশে কেৱল প্ৰতিবাদৰ জোৱাৰ। এই প্ৰতিবাদৰ জোৱাৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই আঁচনিখনৰ অনিয়ম সন্দৰ্ভত তদন্ত ঘোষণা কৰিব লগা হৈছে। কৃষকৰ উন্নয়নৰ নামত অহা ধন কৃষিৰ লগত জড়িত নথকা যিসকল লোকে গ্ৰহণ কৰিছে তেওঁলোকক সসন্মানে সেই টকা চৰকাৰক ঘূৰাই দিবলৈ সকীয়নি দিছে। অন্যথা সেই ধন ঘূৰাই নিদিয়াসকলৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰাৰো নিৰ্দেশ দিছে। কৰ্তৃপক্ষৰ এই সকীয়নিত বহুতে ধন ঘূৰাই দিয়াত বৰ্তমান লাখ লাখ টকা চৰকাৰৰ ঘৰত জমা হোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এইদৰে জমা হোৱা ধন যোগ্য কৃষকক দিয়া হ’ব বুলিও চৰকাৰে ঘোষণা কৰিছে। ইতিমধ্যে, মুখ্যমন্ত্ৰী সোণোৱালে পি এম কিষাণ আঁচনিৰ বিংগতিপুৰ্ণ হিতাধিকাৰীৰ তালিকাসমূহ সত্যাসত্য নিৰূপণ কৰি এক প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব জিষ্ঞু বৰুৱাক দায়িত্ব অৰ্পণ কৰা বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছে। লগতে হিতাধিকাৰীৰ যোগ্যতা, বেংক একাউণ্ট আদি যাৱতীয় তথ্যপাতি পুনৰীক্ষণৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছে। সেই অনুসৰি ৰাজহ চক্ৰ বিষয়া, লাট মণ্ডল, চৰকাৰী গাঁওবুঢ়াসকলৰ দ্বাৰা হিতাধিকাৰীৰ তালিকা পুনৰীক্ষণ নোহোৱা পৰ্যন্ত আঁচনিৰ ধন মোকলাই নিদিবলৈ নিৰ্দেশ দিছে।
এতিয়া, পি এম কিষাণ আঁচনিৰ ধন লাভৰ বাবে কোনসকল হিতাধিকাৰীক উপযুক্ত আৰু কোনসকলক অনুপযুক্ত বুলি বিবেচনা কৰা হ’ব। এইসন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰীয়ে সংবাদ মাধ্যমত স্পষ্ট কৰি দিছে। সেই অনুসৰি ৰাজ্যৰ সকলো কৃষক পৰিয়াল আৰু কৃষিৰ লগত জড়িত থকা চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰী অথবা পেন্সন হোল্ডাৰেও এই আঁচনিৰ ধন লাভৰ বাবে যোগ্য। একমাত্ৰ জিলা পৰিষদৰ সদস্যৰ বাদে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়তৰ সদসই কৃষিৰ লগত জড়িত থাকিলে এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত হ’ব। ধৰাহ’লকোনো এজন লোক ৩য় বৰ্গৰ পদত অস্থায়ীৰূপত কাম কৰি আছে, চাকৰি নিয়মীয়া হয় নে নহয় তাৰো কোনো নিশ্চয়তা নাই, কিন্তু তেওঁ কৃষিৰ লগত জড়িত, তেনেক্ষেত্ৰত ব্যক্তিজনে এই আঁচনিৰ ধন লাভৰ বাবে যোগ্য নে অযোগ্য? যিহেতু আমাৰ ৰাজ্যখন কৃষি প্ৰধান, গতিকে গৰিষ্ঠ সংখ্যকে কৃষক পৰিয়াল। বিভিন্ন পৰিস্থিতিত মাটিবাৰী থকাসকলৰ বহুসংখ্যকে খেতিবাতি নিজে কৰাৰ পৰিৱৰ্তে আধিচুকানিৰে চলি আছে। বিপৰীতে এচাম ভূমিহীন অথচ অন্যৰ মাটিত আধিচুকানিৰে চহ কৰি নদনবদন হৈ আছে। আধিচুকানি দিওঁতা আৰু লওঁতা উভয়ে কৃষক পৰিয়াল। মূলসূঁতিৰ অসমীয়াসকলে ধান খেতিক বাদ দি কেইজন লোক ৰবিখাৰিফ শস্যৰ লগত জড়িত? অসমত এতিয়া কোনসকল কৃষকক প্ৰধানমন্ত্ৰী কিষাণ সন্মান আঁচনিৰ সাহাৰ্য লাভৰ বাবে উপযুক্ত বুলি নিৰ্বাচন কৰা হ’ব সেয়া সময়তহে স্পষ্ট ছবি এখন দেখা যাব।                
    
কৃষকক অৱহেলা কৰিলে কৃষি অৰ্থনীতি টনকিয়াল নহ’ব। চৰকাৰে কৃষকক গুৰুত্ব দিবই লাগিব। চৰকাৰী অৱহেলাৰ বাবে অতি দূখজনকভাৱে আমাৰ ৰাজ্যৰ খেতিয়কসকলৰ ফচল ৪০ দিনৰ লকডাউনতে উচন হ’ল। এই সংকটৰ মাজতো বিহাৰ, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আদিৰ খেতিয়কসকলৰ তেনে অৱস্থা হোৱা নাই। নোহোৱাৰ কাৰণ হ’ল কৃষকৰ উৎপাদিত ফচল মজুত ৰাখিবলৈ সেই ৰাজ্যসমূহত যথেষ্ট সংখ্যক পণ্যাগাৰ আছে। য’ত ছয় মাহ, বছৰদিন সামগ্ৰী জমা ৰাখিলেও নষ্ট নহয়। কিন্তু আমাৰ ৰাজ্যখনত কৃষকৰ উৎপাদিত ফচল সংৰক্ষণ কৰিব পৰা পণ্যাগাৰ কেইটা আছে। থাকিলে আমাৰ কৃষকসকলেও উপকৃত হ’লহেতেন। তেনে ব্যৱস্থাৰ অভাৱত আমাৰ কৃষক ৰাইজ আজি দেউলীয়া হ’ল। সেয়ে কৃষিৰ অধিক উৎপাদন থকা জিলা সমূহত চৰকাৰে পৰ্যাপ্ত সংখ্যক পণ্যাগাৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে। চৰকাৰে অনুদান দি খেতিয়ক সৃষ্টি কৰাৰ সলনি উৎপাদিত সামগ্ৰীৰ উপযুক্ত বজাৰ এখনৰ ব্যৱস্থা কৰি দিয়ক। য’ত কৃষকৰ উৎপাদিত সামগ্ৰীয়ে উচিত মূল্য লাভ কৰিব পাৰে, য’ত মধ্যভোগীয়ে প্ৰৱেশ কৰিব নোৱাৰিব। চৰকাৰৰ তেনে ব্যৱস্থা থাকিলে অসমত স্বইচ্ছাই খেতিৰ লগত জড়িত হ’ব বিচৰা লোকৰ সংখ্যা বাঢ়িব, বিশেষকৈ যুৱচাম খেতিবাতিৰ প্ৰতি আগ্ৰহী হৈ উঠিব। তদুপৰি উৎপাদিত ফচলে উচিত মূল্য লাভ কৰিলে খেতিৰ কামবন এৰি চৰকাৰী সাহাৰ্যৰ পিছে পিছে কোনো কৃষকে দৌৰি ফুৰাৰ সময়ও নাথাকিব। এই পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিলে মাহিলী ৫৬ হেজাৰ টকাত তেজেৰে পেছাৱ কৰাৰ লেখীয়া কষ্টকৰ কাম এটা কৰিবলৈ কোনো লোক বহিৰাগত ৰাজ্যলৈও নাযাব।
  
দেখি আহিছো খেলাধূলাত, অভিনয়কলাকুশলত, শিল্পসাহিত্য আদিত পাৰদৰ্শিতা দেখুৱাই দেশলৈ সুনাম কঢ়িয়াই অনাসকলক ধনধানেৰে পুৰস্কাৰ প্ৰদান কৰি জীৱনৰ প্ৰয়োজনীয় অভাৱেই পূৰণ কৰি দিয়ে। কিন্তু যিয়ে খাদ্য উৎপাদন কৰে, যাৰ উৎপাদিত খাদ্য খাই মানুহ জীয়াই থাকে, সেইবোৰ কৃষকে উৎপাদন বৃদ্ধিত সুনাম কঢ়িয়াবলৈ সক্ষম হ’লেও ধনধানেৰে পুৰস্কাৰ প্ৰদান কৰা হয়নে? সকলো ক্ষেত্ৰতে বঞ্চিত এই পুৰস্কাৰটো কিন্তু তেওঁলোকে ঠিকেই লাভ কৰি আহিছে। অথচ কৃষকক দেশৰ ধৰণীস্বৰূপ বুলি অভিহিত কৰা হয়। দেশ ৰক্ষাৰ দায়িত্বত থকা বীৰ জোৱানসকলৰ পাছতে কৃষকক স্থান দি জয় জোৱানজয় কিষাণ বুলি শ্লোগান দিয়া হয়। দেশৰ ধৰণীস্বৰূপ এই কৃষকসকলৰ ওপৰতে ইমান অৱহেলা, কথাটো বৰ পৰিতাপৰ। তদন্তৰ নিৰ্দেশ কেৱল পি এম কিষাণ আঁচনিৰ ধন লোৱাসকলৰ বিৰুদ্ধেহে দিয়া দেখা গৈছে। যাৰ কৃপাত সেই ধন হিতাধিকাৰীসকলে লাভ কৰিবলৈ সক্ষম হ’ল সেইসকল ব্যক্তি আঁৰতে থাকি গ’ল। গতিকে চৰকাৰে সেইসকল লোকৰ বিৰুদ্ধেও তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
শিৰোনামৰ ফটোঃ ধৰ্মেন্দ্ৰ দাস
Title Pix: Dharmendra Das
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward